মুৰ্গী মা্ংসৰ ঢেংঢেঙীয়া জোল,
এই ধৰনৰ জোলখন আমাৰ প্ৰয়াত আইতাই খুউব ধুনীয়াকৈ ৰান্ধিছিল।আইতাই মা মছলাও কম পৰিমানে দি তেতিয়াৰ দিনত চিকেন মছলাৰ নামে শুনি পোৱা নাছিল তথাপি বৰ সোৱাদ লগাকৈ ৰান্ধিছিল।আমি আটাইয়ে খাই ভালপাইছিলো কিন্তু আটাইতকৈ ভাল পাইছিল মোৰ দেউতাই।আইতাৰ পিছত মাই ৰান্ধিছিল এই জোলখন।মায়ে ৰান্ধিলে পানী শুকাই ঘন হৈ গলে দেউতাই আৰু পানী ঢালাহে কিতো কৰিছা বুলি কৈছিল।
আহকছোন আজি ৰান্ধি চাও এই জোলখন।
source